ছূৰা 57 · জুজ 27
Al-Hadid · 57:21
سَابِقُوا إِلَىٰ مَغْفِرَةٍ مِنْ رَبِّكُمْ وَجَنَّةٍ عَرْضُهَا كَعَرْضِ السَّمَاءِ وَالْأَرْضِ أُعِدَّتْ لِلَّذِينَ آمَنُوا بِاللَّهِ وَرُسُلِهِ ۚ ذَٰلِكَ فَضْلُ اللَّهِ يُؤْتِيهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।
তাফছীৰ
তোমালোকে সেইসমূহ নেক আমলৰ ফালে ধাৱিত হোৱা, যাৰ দ্বাৰা তোমালোকে নিজৰ গুনাহৰ ক্ষমা লাভ কৰিবলৈ সক্ষম হ’বা। তথা তাওবাসহ অন্যান্য নৈকট্য বিষয়াদিৰ প্ৰতি অগ্ৰসৰ হোৱা। যাতে এইবোৰৰ মাধ্যমত সেই জান্নাত লাভ কৰিবলৈ সক্ষম হোৱা, যাৰ প্ৰশস্ততা হৈছে আকাশ আৰু পৃথিৱীৰ সমান। এই জান্নাত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তুত কৰিছে, যিসকলে তেওঁৰ ওপৰত আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনিছে। এতেকে এই প্ৰতিদান হৈছে আল্লাহৰ অনুগ্ৰহ মাত্র। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে। মহান আল্লাহ তেওঁৰ মু’মিন বান্দাসকলৰ প্ৰতি মহা অনুগ্ৰহশীল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক