ছূৰা 57 · জুজ 27
Al-Hadid · 57:23
لِكَيْلَا تَأْسَوْا عَلَىٰ مَا فَاتَكُمْ وَلَا تَفْرَحُوا بِمَا آتَاكُمْ ۗ وَاللَّهُ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ
এইটো এই বাবে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক পছন্দ নকৰে।
তাফছীৰ
এইটো এইবাবে যে, হে মানৱ সমাজ! যাতে তোমালোকে হেৰুৱা বিষয়ৰ ওপৰত দুশ্চিন্তাগ্ৰস্ত নোহোৱা। আনহাতে তেওঁ যি নিয়ামত দান কৰিছে, সেইবোৰকলৈও যাতে অহংকাৰমূলক আনন্দত উৎফুল্লিত নোহোৱা। নিশ্চয় আল্লাহে মানুহক যি দান কৰিছে, সেইবোৰকলৈ অহংকাৰ কৰা দাম্ভিক ব্যক্তিক তেওঁ পছন্দ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক