ছূৰা 57 · জুজ 27

Al-Hadid · 57:12

يَوْمَ تَرَى الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ يَسْعَىٰ نُورُهُمْ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ بُشْرَاكُمُ الْيَوْمَ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ ذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ

সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁ ফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই মহাসফলতা’।

তাফছীৰ

সেইদিনা আপুনি দেখিবলৈ পাব মু’মিন পুৰুষ আৰু মুমিনা নাৰীসকলৰ সন্মুখত আৰু তেওঁলোকৰ সোঁফালে তেওঁলোকৰ জ্যোতিয়ে গতি কৰিছে আৰু সেইদিনা তেওঁলোকক কোৱা হ’বঃ তোমালোকৰ বাবে আজি এনেকুৱা জান্নাতৰ সুসংবাদ আছে, যিবোৰৰ অট্টালিকা আৰু বৃক্ষৰাজিৰ তলদেশত নৈ-নিজৰা প্ৰবাহিত। তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। এই প্ৰতিদানেই হৈছে মহা সফলতা। যাৰ লগত কোনো সফলতাৰ তুলনা নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক