ছূৰা 57 · জুজ 27

Al-Hadid · 57:13

يَوْمَ يَقُولُ الْمُنَافِقُونَ وَالْمُنَافِقَاتُ لِلَّذِينَ آمَنُوا انْظُرُونَا نَقْتَبِسْ مِنْ نُورِكُمْ قِيلَ ارْجِعُوا وَرَاءَكُمْ فَالْتَمِسُوا نُورًا فَضُرِبَ بَيْنَهُمْ بِسُورٍ لَهُ بَابٌ بَاطِنُهُ فِيهِ الرَّحْمَةُ وَظَاهِرُهُ مِنْ قِبَلِهِ الْعَذَابُ

সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰো’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।

তাফছীৰ

সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে মুমিনসকলক উদ্দেশ্যি ক’বঃ তোমালোকে আমাৰ বাবে অকণমান অপেক্ষা কৰা, যাতে আমি তোমালোকৰ জ্যোতিৰ পৰা অলপ গ্ৰহণ কৰিব পাৰোঁ, যিয়ে আমাক পুলচিৰাত পাৰ হোৱাত সহায় কৰিব। তেতিয়া মুনাফিকসকলক ঠাট্টাৰ সুৰত কোৱা হ’বঃ তোমালোকে পিছফালে উভতি যোৱা, আৰু বাট দেখাৰ বাবে জ্যোতি সন্ধান কৰাগৈ। তেতিয়া সিহঁতৰ সন্মুখত প্রাচীৰ স্থাপন কৰা হ’ব। উক্ত প্রাচীৰত আছে এনেকুৱা এখন দুৱাৰ, যিখনৰ ভিতৰভাগ হৈছে মুমিনসকলৰ নিকটৱর্তী আৰু তাত আছে ৰহমত। আনহাতে বাহিৰৰ ভাগটো যিটো মুনাফিকসকলৰ নিকটৱর্তী তাত আছে শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক