ছূৰা 47 · জুজ 26
Muhammad · 47:4
فَإِذَا لَقِيتُمُ الَّذِينَ كَفَرُوا فَضَرْبَ الرِّقَابِ حَتَّىٰ إِذَا أَثْخَنْتُمُوهُمْ فَشُدُّوا الْوَثَاقَ فَإِمَّا مَنًّا بَعْدُ وَإِمَّا فِدَاءً حَتَّىٰ تَضَعَ الْحَرْبُ أَوْزَارَهَا ۚ ذَٰلِكَ وَلَوْ يَشَاءُ اللَّهُ لَانْتَصَرَ مِنْهُمْ وَلَٰكِنْ لِيَبْلُوَ بَعْضَكُمْ بِبَعْضٍ ۗ وَالَّذِينَ قُتِلُوا فِي سَبِيلِ اللَّهِ فَلَنْ يُضِلَّ أَعْمَالَهُمْ
এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধিবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ। যেতিয়া লৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় তেওঁ কেতিয়া তেওঁলোকৰ আমল বিনষ্ট হ’ব নিদিয়ে।
তাফছীৰ
হে মুমিনসকল! যুদ্ধক্ষেত্ৰত তোমালোকে কাফিৰসকলক লগ পোৱাৰ লগে লগে শিৰচ্ছেদ কৰিবা, সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা নকৰালৈকে এই অভিযান জাৰি ৰাখিবা, যাতে সিহঁত দুৰ্বল হৈ পৰে। সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা কৰাৰ পিছত বাকীসকলক বন্দী কৰিবা। এতেকে সিহঁতক জেলত বন্দী কৰাৰ পিছত, বিষয়টো তোমালোকৰ ইচ্ছাধীন থাকিব। তোমালোকে ইচ্ছা কৰিলে বিনিময় নোলোৱাকৈ সিহঁতক এৰি দিব পাৰা নাইবা অৰ্থদণ্ড গ্ৰহণ কৰি মুক্তি দিব পাৰা। এই যুদ্ধ সমাপ্ত নোহোৱালৈকে সিহঁতক হত্যা কৰা তথা সিহঁতক বন্দী কৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখা, যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰিব অথবা কোনো চুক্তি স্বাক্ষৰ নকৰিব। কাফিৰসকলৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাৰ এই ধাৰাবাহিকতা, সময়ৰ হেৰফেৰ, লগতে ইজনক সিজনৰ ওপৰত বিজয় প্ৰদান আদি আল্লাহৰ আদেশানুক্ৰমেই হৈ থাকে। আল্লাহে ইচ্ছা কৰিলে কাফিৰসকলৰ লগত যুদ্ধ নকৰাকৈয়ে বিজয় প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু এনেকুৱা নকৰি তেওঁ জিহাদ প্ৰৱৰ্তন কৰিছে, যাতে তোমালোকৰ মাজৰ ইজনক সিজনৰ দ্বাৰা পৰীক্ষা কৰিব পৰা যায় যে, মুমিনসকলৰ মাজৰ কোনে যুদ্ধ কৰে আৰু কোনে নকৰে। আনহাতে কাফিৰসকলক মুমিনসকলৰ দ্বাৰা পৰীক্ষা কৰা হয়। যদি কাফিৰে মুমিনক হত্যা কৰে তেন্তে সেই মুমিন জান্নাতত প্ৰৱেশ কৰিব। আনহাতে মুমিনে কাফিৰক হত্যা কৰিলে, সেই কাফিৰ জাহান্নামত প্ৰৱেশ কৰিব। যিসকলে আল্লাহৰ পথত শ্বহীদ হ’ব, তেওঁলোকৰ আমল আল্লাহে কেতিয়াও ব্যৰ্থ নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক