ছূৰা 47 · জুজ 26
Muhammad · 47:3
ذَٰلِكَ بِأَنَّ الَّذِينَ كَفَرُوا اتَّبَعُوا الْبَاطِلَ وَأَنَّ الَّذِينَ آمَنُوا اتَّبَعُوا الْحَقَّ مِنْ رَبِّهِمْ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ لِلنَّاسِ أَمْثَالَهُمْ
এইটো এই কাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থান কৰে।
তাফছীৰ
দুয়োটা দলৰ প্ৰতিদান ভিন্ন হোৱাৰ কাৰণ হৈছে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে দৰাচলতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্যৰ অনুসৰণ কৰিছে। দুয়োটা দলৰ কৰ্ম ভিন্ন হোৱাৰ কাৰণে সিহঁতৰ প্ৰতিদানো ভিন্ন। যিদৰে আল্লাহে মুমিন আৰু কাফিৰসকলৰ দুয়োটা দলৰ বিষয়ে স্পষ্ট ফয়চালা শুনাইছে, সেইদৰেই তেওঁ মানুহৰ বাবে উদাহৰণবোৰ উপস্থাপন কৰে, যিবোৰ সিহঁতৰ বাবে প্ৰযোজ্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক