ছূৰা 47 · জুজ 26
Muhammad · 47:2
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَآمَنُوا بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ الْحَقُّ مِنْ رَبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّئَاتِهِمْ وَأَصْلَحَ بَالَهُمْ
আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
তাফছীৰ
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু সৎকৰ্ম কৰিছে, লগতে সেইখন গ্ৰন্থৰ প্ৰতি ঈমান আনিছে যিখন আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিছে –আৰু সেইখনেই তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য- আল্লাহে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰি দিব, তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ আৰু আখিৰাতৰ সকলো বিষয় সংশোধন কৰি দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক