ছূৰা 47 · জুজ 26
Muhammad · 47:34
إِنَّ الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ ثُمَّ مَاتُوا وَهُمْ كُفَّارٌ فَلَنْ يَغْفِرَ اللَّهُ لَهُمْ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে নিজকে আৰু মানুহকো আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে আৰু তাওবা নকৰাকৈ কুফৰীৰ ওপৰতেই মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতৰ গুনাহবোৰ কেতিয়াও ক্ষমা নকৰিব, বৰং ইয়াৰ বাবে সিহঁতক জবাবদিহি কৰিব। তথা সিহঁতক জাহান্নামত প্ৰৱেশ কৰাব, য’ত সিহঁতে চিৰকাল থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক