ছূৰা 47 · জুজ 26

Muhammad · 47:35

فَلَا تَهِنُوا وَتَدْعُوا إِلَى السَّلْمِ وَأَنْتُمُ الْأَعْلَوْنَ وَاللَّهُ مَعَكُمْ وَلَنْ يَتِرَكُمْ أَعْمَالَكُمْ

এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ আল্লাহ আছে (সহায়ক হিচাপে) তোমালোকৰ লগত আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।

তাফছীৰ

হে মুমিনসকল! তোমালোকে শত্ৰুৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কেতিয়াও দুৰ্বলতা নেদেখুৱাবা আৰু সিহঁতে প্ৰস্তাৱ দিয়াৰ পূৰ্বে কেতিয়াও তোমালোকে সিহঁতক সন্ধিৰ প্ৰস্তাৱ নিদিবা। কাৰণ তোমালোকেই হৈছা প্ৰভাৱী আৰু বিজয়ী। নিশ্চয় সহায়-সমৰ্থনৰ দ্বাৰা আল্লাহ তোমালোকৰ লগত আছে। তেওঁ কেতিয়াও তোমালোকৰ কৰ্মৰ প্ৰতিদান হ্ৰাস নকৰিব, বৰং নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধিহে কৰি দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক