ছূৰা 47 · জুজ 26
Muhammad · 47:32
إِنَّ الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ وَشَاقُّوا الرَّسُولَ مِنْ بَعْدِ مَا تَبَيَّنَ لَهُمُ الْهُدَىٰ لَنْ يَضُرُّوا اللَّهَ شَيْئًا وَسَيُحْبِطُ أَعْمَالَهُمْ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিব।
তাফছীৰ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আল্লাহৰ দ্বীনৰ পৰা নিজকে আৰু আনকো বিৰত ৰাখিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যে প্ৰকৃত নবী, এই কথা স্পষ্ট হোৱাৰ পিছতো সিহঁতে তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিছে। সিহঁতে আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। বৰং সিহঁতে নিজৰহে ক্ষতি কৰি আছে। শীঘ্ৰেই আল্লাহে সিহঁতৰ কৰ্মবোৰ বাতিল ঘোষণা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক