ছূৰা 47 · জুজ 26

Muhammad · 47:31

وَلَنَبْلُوَنَّكُمْ حَتَّىٰ نَعْلَمَ الْمُجَاهِدِينَ مِنْكُمْ وَالصَّابِرِينَ وَنَبْلُوَ أَخْبَارَكُمْ

আৰু আমি অৱশ্যে তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰা লৈকে যে, তোমালোকৰ মাজত কোন জিহাদকাৰী আৰু কোন ধৈৰ্যশীল আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰো।

তাফছীৰ

হে মুমিনসকল! নিশ্চয় আমি তোমালোকক পৰীক্ষা কৰিম, জিহাদৰ দ্বাৰা, শত্ৰুৰ লগত যুদ্ধৰ দ্বাৰা, হত্যা আদিৰ দ্বাৰা, যাতে এই কথা স্পষ্ট হৈ পৰে যে তোমালোকৰ মাজৰ কোন প্ৰকৃত মুজাহিদ, আৰু কোনে শত্ৰুৰ লগত যুদ্ধ কৰাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে। আমি তোমালোকক পৰীক্ষা কৰিম যাতে সত্যবাদী আৰু মিছলীয়া ব্যক্তিৰ মাজত পাৰ্থক্য কৰিব পৰা যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক