ছূৰা 47 · জুজ 26

Muhammad · 47:30

وَلَوْ نَشَاءُ لَأَرَيْنَاكَهُمْ فَلَعَرَفْتَهُمْ بِسِيمَاهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِي لَحْنِ الْقَوْلِ ۚ وَاللَّهُ يَعْلَمُ أَعْمَالَكُمْ

আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।

তাফছীৰ

হে ৰাছুল! আমি আপোনাক মুনাফিকসকলৰ পৰিচয় দিব বিচাৰিলে নিশ্চয় দিব পাৰিলোহেঁতেন। কিন্তু আপুনি সিহঁতৰ প্ৰতীকসমূহৰ জৰিয়তেই চিনি পাব, আনকি সিহঁতৰ কথা কোৱাৰ ধৰণতে সিহঁতক চিনি পাব। আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক