ছূৰা 47 · জুজ 26

Muhammad · 47:29

أَمْ حَسِبَ الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ أَنْ لَنْ يُخْرِجَ اللَّهُ أَضْغَانَهُمْ

যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাৱে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?

তাফছীৰ

অন্তৰত সন্দেহ-সংশয় থকা মুনাফিকসকলে ধাৰণা কৰে নেকি যে, আল্লাহে সিহঁতৰ বিদ্বেষসমূহ কেতিয়াও প্ৰকাশ নকৰিব? আল্লাহে সিহঁতক বিপদগ্ৰস্ত কৰি নিশ্চয় সিহঁতৰ বিদ্বেষসমূহ উন্মোচন কৰিব। যাতে প্ৰকৃত মুমিনসকলক মিছলীয়াসকলৰ পৰা পৃথক কৰাত সুবিধা হয়। তথা সহজেই যাতে চিনিব পৰা যায় যে, কোন মুমিন আৰু কোন মুনাফিক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক