ছূৰা 47 · জুজ 26
Muhammad · 47:28
ذَٰلِكَ بِأَنَّهُمُ اتَّبَعُوا مَا أَسْخَطَ اللَّهَ وَكَرِهُوا رِضْوَانَهُ فَأَحْبَطَ أَعْمَالَهُمْ
এইটো এই কাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তোষ কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
তাফছীৰ
এই শাস্তি সিহঁতক এইকাৰণে দিয়া হ’ব যে, সিহঁতে প্ৰত্যেক সেই পন্থা অৱলম্বন কৰিছিল, যি পন্থাই আল্লাহক অসন্তুষ্ট কৰে। যেনে- কুফৰী, নিফাক, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে শত্ৰুতা। তথা প্ৰত্যেক সেই কৰ্মক অপছন্দ কৰিছিল, যি কৰ্মই আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে আৰু তেওঁক সন্তুষ্ট কৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা আদি। ফলত আল্লাহে সিহঁতৰ সকলো আমল ব্যৰ্থ কৰি দিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক