ছূৰা 47 · জুজ 26

Muhammad · 47:18

فَهَلْ يَنْظُرُونَ إِلَّا السَّاعَةَ أَنْ تَأْتِيَهُمْ بَغْتَةً ۖ فَقَدْ جَاءَ أَشْرَاطُهَا ۚ فَأَنَّىٰ لَهُمْ إِذَا جَاءَتْهُمْ ذِكْرَاهُمْ

এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহিয়ে পৰিছে! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!

তাফছীৰ

কাফিৰসকলে এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ কোনো অগ্ৰিম জাননী নিদিয়াকৈ আকস্মিক আহি পৰক? যদিও ইয়াৰ প্ৰতীকসমূহ আহি পৰিছে। উদাহৰণস্বৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমন, চন্দ্ৰ দ্বিখণ্ডিত হোৱা আদি। কিন্তু যেতিয়া কিয়ামত সংঘটিত হ’ব তেতিয়া সিহঁতে কেনেকৈ উপদেশ গ্ৰহণ কৰিব?!

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক