ছূৰা 47 · জুজ 26
Muhammad · 47:19
فَاعْلَمْ أَنَّهُ لَا إِلَٰهَ إِلَّا اللَّهُ وَاسْتَغْفِرْ لِذَنْبِكَ وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَاللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَاكُمْ
সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।
তাফছীৰ
হে ৰাছুল! আপুনি পৰিপূৰ্ণ বিশ্বাস কৰক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তেওঁৰ ওচৰতেই আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে মুমিন পুৰুষসকলৰ আৰু মুমিনা নাৰীসকলৰ গুনাহৰ বাবেও ক্ষমা প্ৰাৰ্থনা কৰক। আল্লাহে তোমালোকৰ দিনৰ ভাগত কৰা চলা-ফুৰা আৰু ৰাতিৰ বিশ্ৰামস্থল সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক