ছূৰা 47 · জুজ 26
Muhammad · 47:10
۞ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ دَمَّرَ اللَّهُ عَلَيْهِمْ ۖ وَلِلْكَافِرِينَ أَمْثَالُهَا
তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।
তাফছীৰ
এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে সিহঁতৰ পূৰ্বে অতীত হোৱা লোকসকলৰ কি দশা হৈছিল? নিশ্চিতভাৱে সিহঁতৰ পৰিণাম আছিল অতি কষ্টদায়ক। সিহঁতৰ লগতে সিহঁতৰ ঘৰসমূহকো আল্লাহে ধ্বংস কৰিছিল। এইদৰে সিহঁতক, সিহঁতৰ সন্তান-সন্ততি আৰু ধন-সম্পত্তিকো নিঃশেষ কৰিছিল। কাফিৰসকলৰ বাবে প্ৰত্যেক শতিকাতে আৰু প্ৰত্যেক স্থানতে এনেকুৱা শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক