ছূৰা 47 · জুজ 26
Muhammad · 47:9
ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا مَا أَنْزَلَ اللَّهُ فَأَحْبَطَ أَعْمَالَهُمْ
এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
তাফছীৰ
সিহঁতে এই শাস্তি পোৱাৰ কাৰণ হৈছে, আল্লাহে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা এই কোৰআনৰ মাজত আল্লাহৰ তাওহীদৰ বৰ্ণনা থকাৰ বাবে সিহঁতে ইয়াক অপছন্দ কৰিছিল। ফলত আল্লাহেও সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে। এতেকে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সিহঁত ক্ষতিগ্ৰস্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক