ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:32

وَمَنْ لَا يُجِبْ دَاعِيَ اللَّهِ فَلَيْسَ بِمُعْجِزٍ فِي الْأَرْضِ وَلَيْسَ لَهُ مِنْ دُونِهِ أَوْلِيَاءُ ۚ أُولَٰئِكَ فِي ضَلَالٍ مُبِينٍ

আৰু যিয়ে আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।

তাফছীৰ

আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে স্বীকাৰ নকৰিব, সি পৃথিৱীত পলায়ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কো নাই, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব। এনেকুৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰষ্টত পতিত হৈ আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক