ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:31
يَا قَوْمَنَا أَجِيبُوا دَاعِيَ اللَّهِ وَآمِنُوا بِهِ يَغْفِرْ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُجِرْكُمْ مِنْ عَذَابٍ أَلِيمٍ
‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।
তাফছীৰ
হে মোৰ জাতিৰ লোকসকল! মুহাম্মদে তোমালোকক যি সত্যৰ পিনে আহ্বান কৰি আছে, তোমালোকে সেইটোক আঁকোৱালি লোৱা, লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা সেই কষ্টদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব, যি শাস্তি সত্য স্বীকাৰ নকৰাসকলক তথা ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰাসকলক প্ৰদান কৰা হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক