ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:30
قَالُوا يَا قَوْمَنَا إِنَّا سَمِعْنَا كِتَابًا أُنْزِلَ مِنْ بَعْدِ مُوسَىٰ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ يَهْدِي إِلَى الْحَقِّ وَإِلَىٰ طَرِيقٍ مُسْتَقِيمٍ
তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এটা পুথিৰ পাঠ শুনিছো যিটো অৱতীৰ্ণ হৈছে মুছাৰ পিছত, ই তাৰ পূৰ্বৱৰ্তী কিতাবসমূহক সমৰ্থন কৰে লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।
তাফছীৰ
তেওঁলোকে নিজ সম্প্ৰদায়ক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! আমি এখন কিতাব শুনিছোঁ, যিখন আল্লাহে মুছা আলাইহিচ্ছালামৰ পিছত অৱতীৰ্ণ কৰিছে। সেই কিতাবখনে পূৰ্বৱৰ্তী সকলো ঐশীগ্ৰন্থক সমৰ্থন কৰে। আমি শুনা এই কিতাবখনে সত্যৰ পথ দেখুৱায়, আৰু সঠিক পথৰ হিদায়ত দিয়ে। অৰ্থাৎ ইছলামৰ পথ দেখুৱায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক