ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:29
وَإِذْ صَرَفْنَا إِلَيْكَ نَفَرًا مِنَ الْجِنِّ يَسْتَمِعُونَ الْقُرْآنَ فَلَمَّا حَضَرُوهُ قَالُوا أَنْصِتُوا ۖ فَلَمَّا قُضِيَ وَلَّوْا إِلَىٰ قَوْمِهِمْ مُنْذِرِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলো। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈছিল, তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি গ’ল।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰেৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল, সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যদি সিহঁতে এই কোৰাআনৰ প্ৰতি ঈমান পোষণ নকৰে (তেন্তে শাস্তিৰ সন্মুখীন হ'ব, এইবুলি সতৰ্ক কৰিবলৈ ধৰিলে)।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক