ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:28
فَلَوْلَا نَصَرَهُمُ الَّذِينَ اتَّخَذُوا مِنْ دُونِ اللَّهِ قُرْبَانًا آلِهَةً ۖ بَلْ ضَلُّوا عَنْهُمْ ۚ وَذَٰلِكَ إِفْكُهُمْ وَمَا كَانُوا يَفْتَرُونَ
এতেকে যিহঁতে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা হেৰাই গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।
তাফছীৰ
তেতিয়া সিহঁতৰ সেই মূৰ্ত্তিবোৰে কিয় সিহঁতক সহায় কৰা নাছিল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাস্য হিচাপে গ্ৰহণ কৰিছিল, ইবাদত আৰু বলি বিধানৰ জৰিয়তে যিবোৰৰ সিহঁতে নৈকট্য লাভ কৰিছিল?! সেইবোৰে সিহঁতৰ কোনো সহায় কৰা নাছিল। বৰং প্ৰকৃত প্ৰয়োজনৰ সময়তে সেইবোৰে সিহঁতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাছিল। দৰাচলতে সেইটো আছিল মিথ্যাচাৰ, যিবোৰৰ দ্বাৰা সিহঁতে সান্তনা লভিছিল যে, এই মূৰ্তিবোৰে সিহঁতক উপকাৰ কৰিব তথা আল্লাহৰ ওচৰত সিহঁতৰ বাবে মধ্যস্ততা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক