ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:27
وَلَقَدْ أَهْلَكْنَا مَا حَوْلَكُمْ مِنَ الْقُرَىٰ وَصَرَّفْنَا الْآيَاتِ لَعَلَّهُمْ يَرْجِعُونَ
আৰু অৱশ্যে আমি ধ্বংস কৰিছিলো তোমালোকৰ চাৰিওফালে থকা জনপদমূহ; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
তাফছীৰ
হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা উভতি আহে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক