ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:26
وَلَقَدْ مَكَّنَّاهُمْ فِيمَا إِنْ مَكَّنَّاكُمْ فِيهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَأَبْصَارًا وَأَفْئِدَةً فَمَا أَغْنَىٰ عَنْهُمْ سَمْعُهُمْ وَلَا أَبْصَارُهُمْ وَلَا أَفْئِدَتُهُمْ مِنْ شَيْءٍ إِذْ كَانُوا يَجْحَدُونَ بِآيَاتِ اللَّهِ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলো কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।
তাফছীৰ
নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনাৰ বাবে কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্তৰ দিছিলোঁ, কিন্তু সিহঁতৰ সেই কাণ, চকু আৰু অন্তৰেও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, সিহঁতৰ পৰা সেই শাস্তিক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূদ আলাইহিচ্ছালামে সিহঁতক যি শাস্তিৰ পৰা সতৰ্ক কৰিছিল, সিহঁতৰ ওপৰত সেই শাস্তিয়ে নামি আহিছিল, যিটোক সিহঁতে ঠাট্টা কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক