ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:25

تُدَمِّرُ كُلَّ شَيْءٍ بِأَمْرِ رَبِّهَا فَأَصْبَحُوا لَا يُرَىٰ إِلَّا مَسَاكِنُهُمْ ۚ كَذَٰلِكَ نَجْزِي الْقَوْمَ الْمُجْرِمِينَ

‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকুৱা (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দেখা পোৱা নগ’ল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকো।

তাফছীৰ

“এই ধুমুহা যি দিশেৰে গতি কৰিব, প্ৰত্যেক সেই বস্তুক বিনাশ কৰি যাব যিটোক ধ্বংস কৰাৰ আদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁত সকলোৱে ধ্বংস্তূপত পৰিণত হৈছিল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰ প্ৰমাণ কেৱল সিহঁতৰ সেই চূৰ্ণ-বিচূৰ্ণ ঘৰ-বাৰিৰ দ্বাৰাহে পোৱা গৈছিল। এনেকুৱা কষ্টদায়ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মত সদায় অটল থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক