ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:24

فَلَمَّا رَأَوْهُ عَارِضًا مُسْتَقْبِلَ أَوْدِيَتِهِمْ قَالُوا هَٰذَا عَارِضٌ مُمْطِرُنَا ۚ بَلْ هُوَ مَا اسْتَعْجَلْتُمْ بِهِ ۖ رِيحٌ فِيهَا عَذَابٌ أَلِيمٌ

তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। নহয়, বৰং এইটোৱে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।

তাফছীৰ

এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেই শাস্তি আহি পালে যিটোকলৈ সিহঁতে খৰখেদা কৰি আছিল, সিহঁতে সেইটোক আকাশৰ এফালে বিস্তৃত অৱস্থাত দেখা পালে, যিটো সিহঁতৰ উপত্যকাৰ ফালে আহি আছিল। এই দেখি সিহঁতে ক’বলৈ ধৰিলেঃ “এইটো দেখোন এটুকুৰা মেঘহে, যিটো বৰষুণ হৈ আমাৰ ওপৰত অৱতীৰ্ণ হ’ব”। সিহঁতৰ এই কথা শুনি হূদ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ “বিষয়টো তেনেকুৱা নহয়, যিটো তোমালোকে ধাৰণা কৰি আছা যে, এইটো এটুকুৰা মেঘ বুলি যিটো তোমালোকৰ ওপৰত বৰ্ষণ হ’ব। বৰং এইটো হৈছে সেই শাস্তি যিটোৰ বিষয়ে তোমালোকে খৰখেদা কৰি আছিলা। দৰাচলতে এইটো হৈছে কাল ধুমুহা, ইয়াৰ মাজত আছে কষ্টদায়ক শাস্তি”।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক