ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:23

قَالَ إِنَّمَا الْعِلْمُ عِنْدَ اللَّهِ وَأُبَلِّغُكُمْ مَا أُرْسِلْتُ بِهِ وَلَٰكِنِّي أَرَاكُمْ قَوْمًا تَجْهَلُونَ

তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে। মই যিটো লৈ প্ৰেৰিত হৈছো কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰো, কিন্তু মই দেখি আছো তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।

তাফছীৰ

হূদ আলাইহিচ্ছালামে ক’লেঃ শাস্তি কেতিয়া আহিব ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। মই এই বিষয়ে একো নাজানো। মই হৈছোঁ এজন ৰাছুল তথা বাৰ্তাবাহক, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ যিটো প্ৰদান কৰি মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু মই যি দেখি আছোঁ তোমালোক হৈছা বিবেকহীন সম্প্ৰদায়, কাৰণ যিটো বিষয় তোমালোকৰ বাবে উপকাৰী সেইটোক তোমালোকে পৰিত্যাগ কৰি আছা আৰু যিবোৰ বিষয় তোমালোকৰ বাবে ক্ষতিকৰ, সেইবোৰক আঁকোৱালি লৈছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক