ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:33
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَلَمْ يَعْيَ بِخَلْقِهِنَّ بِقَادِرٍ عَلَىٰ أَنْ يُحْيِيَ الْمَوْتَىٰ ۚ بَلَىٰ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মুশ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যি আল্লাহে বিশালাকাৰ, বৃহদায়তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয়, নিশ্চয় তেওঁ সিহঁতক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃতসকলক জীৱন দানৰ ক্ষেত্ৰতো তেওঁ অপাৰগ নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক