ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:23
أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ
এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
তাফছীৰ
হে ৰাছুল! আপুনি সেই ব্যক্তিৰ পিনে লক্ষ্য কৰকচোন, যিয়ে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, আনকি সি নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে তথা কেতিয়াও ইয়াৰ বিৰোধিতা নকৰে। তেনেকুৱা ব্যক্তিক আল্লাহে জানি বুজি পথভ্ৰষ্ট কৰি দিছে। কিয়নো সিহঁত পথভ্ৰষ্ট হোৱাৰেই যোগ্য আছিল। সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, গতিকে সিহঁতে উপকৃত হোৱাৰ আশাত একো শুনিব নোৱাৰে। লগতে আল্লাহে সিহঁতৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ, ফলত সিহঁতে সত্যক দেখা নাপায়। এতেকে কওকচোন, আল্লাহে সিহঁতক পথভ্ৰষ্ট কৰাৰ পিছত, কোনে সিহঁতক সত্যৰ তাওফীক প্ৰদান কৰিব? তোমালোকে প্ৰবৃত্তিৰ অনুসৰণৰ ক্ষতিকৰ দিশসমূহ আৰু আল্লাহৰ চৰীয়ত অনুসৰণৰ উপকাৰী দিশসমূহ বুজি নোপোৱানে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক