ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:24
وَقَالُوا مَا هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَا إِلَّا الدَّهْرُ ۚ وَمَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ
আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।
তাফছীৰ
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন। ইয়াৰ পিছত আন কোনো জীৱন নাই। এটা প্ৰজন্মৰ মৃত্যুৰ পিছত, সেইটো প্ৰজন্ম কেতিয়াও ঘূৰি নাহে, তাৰ পিছত দ্বিতীয় প্ৰজন্ম আহে। লগতে কালচক্ৰৰ ফলতেই আমাৰ মৃত্যু ঘটে”। অথচ আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল ধাৰণাহে কৰে। এই কথা নিশ্চিত যে, ধাৰণাই কেতিয়াও সত্যৰ স্থান ল’ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক