ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:22

وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ

আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

তাফছীৰ

আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক হিকমত অনুযায়ী সৃষ্টি কৰিছে। এইবোৰক অনৰ্থক সৃষ্টি কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে, যাতে তেওঁ প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ ভাল বেয়া কৰ্ম অনুসাৰে প্ৰতিদান দিব পাৰে। আল্লাহে কেতিয়াও সিহঁতৰ ছোৱাব হ্ৰাস কৰি অথবা সিহঁতৰ গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি অন্যায় নকৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক