ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:21

أَمْ حَسِبَ الَّذِينَ اجْتَرَحُوا السَّيِّئَاتِ أَنْ نَجْعَلَهُمْ كَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَوَاءً مَحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَاءَ مَا يَحْكُمُونَ

যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট!

তাফছীৰ

শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কুফৰী আৰু গুনাহ কৰা লোকসকলে ধাৰণা কৰিছে নেকি যে, আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা লোকসকলৰ দৰেই প্ৰতিদান দান কৰিম? যাতে পৃথিৱী আৰু আখিৰাতত সিহঁত সকলোৱে সমান পৰ্যায়ত থাকে? সিহঁতৰ এই ধাৰণা অত্যন্ত ঘৃণনীয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক