ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:20
هَٰذَا بَصَائِرُ لِلنَّاسِ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُوقِنُونَ
এই কোৰআন মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত ও ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।
তাফছীৰ
আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন জ্ঞানগৰ্ভ। ইয়াৰ দ্বাৰা মানুহে অসত্যৰ পৰা সত্যক পাৰ্থক্য কৰিব পাৰে। তথা এইখন হৈছে সত্যৰ পথ দেখুৱা হিদায়ত আৰু সেইসকল লোকৰ বাবে ৰহমত, যিসকলে পূৰ্ণ বিশ্বাস পোষণ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা সঠিক পথ গ্ৰহণ কৰে, যাতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ ওপৰত সন্তষ্ট হয় আৰু তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰি জান্নাতত প্ৰৱেশ কৰায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক