ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:19

إِنَّهُمْ لَنْ يُغْنُوا عَنْكَ مِنَ اللَّهِ شَيْئًا ۚ وَإِنَّ الظَّالِمِينَ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۖ وَاللَّهُ وَلِيُّ الْمُتَّقِينَ

নিশ্চয় সিহঁত আল্লাহৰ মোকাবিলাত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।

তাফছীৰ

যিসকলে সত্য সম্পৰ্কে নাজানে, যদি আপুনি সিহঁতৰ অনুসৰণ কৰে তেন্তে সিহঁতে কেতিয়াও আপোনাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। সকলো ধৰ্মৰ অত্যাচাৰী লোকসকল মুমিনসকলৰ বিৰুদ্ধে ইজনে সিজনৰ সহায়ক তথা সমৰ্থক। কিন্তু আল্লাহ হৈছে সেইসকল লোকৰ সহায়ক, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক