ছূৰা 41 · জুজ 24

Fussilat · 41:9

۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ

কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!

তাফছীৰ

হে ৰাছুল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক