ছূৰা 41 · জুজ 24

Fussilat · 41:10

وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ

আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।

তাফছীৰ

তেৱেঁই ভূ-পৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে ই কম্পিত নহয়। আৰু ইয়াৰ মাজত ৰাখিছে বৰকত, আৰু ইয়াক পৃথিৱীৰ অধিবাসীসকলৰ বাবে কল্যাণকৰ বনাইছে। তথা চাৰিদিনৰ ভিতৰত তাত মানুহৰ বাবে আৰু জীৱ-জন্তুৰ বাবে খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে। এই চাৰিদিন দৰাচলতে পূৰ্বৱৰ্তী দুদিনক মিলাই চাৰিদিন হৈছে। পিছৰ দুদিন হৈছে মঙ্গলবাৰ আৰু বুধবাৰ। পৰিপূৰ্ণৰূপে সেইসকল লোকৰ বাবে সৃষ্টি কৰিছে যিসকলে ইয়াৰ প্ৰয়োজন অনুভৱ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক