ছূৰা 41 · জুজ 24

Fussilat · 41:5

وَقَالُوا قُلُوبُنَا فِي أَكِنَّةٍ مِمَّا تَدْعُونَا إِلَيْهِ وَفِي آذَانِنَا وَقْرٌ وَمِنْ بَيْنِنَا وَبَيْنِكَ حِجَابٌ فَاعْمَلْ إِنَّنَا عَامِلُونَ

আৰু সিহঁতে কয়, ‘তুমি যাৰ প্ৰতি আমাক আহ্বান কৰি আছা সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।

তাফছীৰ

তথা সিহঁতে কয়ঃ আমাৰ অন্তৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয়ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্তৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আপোনাৰ কথা শুনা নাপায়। আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্তৰায়, যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায়। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰ মতে কাম কৰি যাম। আমি কেতিয়াও আপোনাৰ অনুসৰণ নকৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক