ছূৰা 41 · জুজ 24
Fussilat · 41:6
قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ يُوحَىٰ إِلَيَّ أَنَّمَا إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَاسْتَقِيمُوا إِلَيْهِ وَاسْتَغْفِرُوهُ ۗ وَوَيْلٌ لِلْمُشْرِكِينَ
কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। আৰু দুৰ্ভোগ মুশ্বৰিকসকলৰ বাবে,
তাফছীৰ
হে ৰাছুল! আপুনি এই বিৰুদ্ধাচৰণকাৰীসকলক কৈ দিয়ক যে, মই তোমালোকৰ দৰেই এজন মানৱ। আল্লাহে মোৰ প্ৰতি অহী কৰে যে, তোমালোকৰ সত্য উপাস্য কেৱল এজন, তেৱেঁই হৈছে আল্লাহ। গতিকে তোমালোকে তেওঁৰ ওচৰলৈ যোৱা পথৰ অনুসৰণ কৰা। লগতে তেওঁৰ ওচৰত তোমালোকৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় ধ্বংস আৰু শাস্তি সেইসকল মুশ্বৰিকৰ বাবে যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে তথা তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক