ছূৰা 41 · জুজ 24
Fussilat · 41:4
بَشِيرًا وَنَذِيرًا فَأَعْرَضَ أَكْثَرُهُمْ فَهُمْ لَا يَسْمَعُونَ
সুসংবাদদাতা আৰু সতৰ্ককাৰী। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। সেয়ে সিহঁতে নুশুনিব।
তাফছীৰ
এইখনে মুমিনসকলক সেই প্ৰতিদানৰ সুসংবাদ দিয়ে, যি প্ৰতিদান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়। তথাপিও সিহঁতৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমুখ হৈ আছে। ইয়াৰ মাজত থকা হিদায়তমূলক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁতে শুনিব নিবিচাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক