ছূৰা 41 · জুজ 25

Fussilat · 41:47

۞ إِلَيْهِ يُرَدُّ عِلْمُ السَّاعَةِ ۚ وَمَا تَخْرُجُ مِنْ ثَمَرَاتٍ مِنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَائِي قَالُوا آذَنَّاكَ مَا مِنَّا مِنْ شَهِيدٍ

কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।

তাফছীৰ

কিয়ামতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব, তেওঁৰ বাহিৰে কোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়েও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয়। যিদিনা আল্লাহে মুশ্বৰিকসকলক যিসকলে মূৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁতৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক