ছূৰা 41 · জুজ 24
Fussilat · 41:46
مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهِ ۖ وَمَنْ أَسَاءَ فَعَلَيْهَا ۗ وَمَا رَبُّكَ بِظَلَّامٍ لِلْعَبِيدِ
যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।
তাফছীৰ
যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ উপকাৰ সি নিজেই লাভ কৰিব। কাৰোবাৰ সৎকৰ্মই আল্লাহক কোনো উপকাৰ নকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক