ছূৰা 41 · জুজ 24
Fussilat · 41:45
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۗ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ
আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলেহঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।
তাফছীৰ
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছুমানে তাৰ প্ৰতি ঈমান আনিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁতেন যে, কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰ মাজত ফয়চালা কৰি দিলেহেঁতেন যে, কোন সত্য আৰু কোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁতেন আৰু বাতিলপন্থীক অপমানিত কৰিলেহেঁতেন। প্ৰকৃততে কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক