ছূৰা 41 · জুজ 24
Fussilat · 41:44
وَلَوْ جَعَلْنَاهُ قُرْآنًا أَعْجَمِيًّا لَقَالُوا لَوْلَا فُصِّلَتْ آيَاتُهُ ۖ أَأَعْجَمِيٌّ وَعَرَبِيٌّ ۗ قُلْ هُوَ لِلَّذِينَ آمَنُوا هُدًى وَشِفَاءٌ ۖ وَالَّذِينَ لَا يُؤْمِنُونَ فِي آذَانِهِمْ وَقْرٌ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُولَٰئِكَ يُنَادَوْنَ مِنْ مَكَانٍ بَعِيدٍ
আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিহঁতে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।
তাফছীৰ
যদি আমি এই কোৰআনখনক আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে কাফিৰসকলে ক’লেহেঁতেনঃ “ইয়াৰ আয়াতসমূহক বিতংভাৱে স্পষ্ট কিয় কৰা হোৱা নাই, তেতিয়াহে আমি বুজি পালোহেঁতেন”। কোৰআন কোনো অনাৰবীয়ান ভাষাত অৱতীৰ্ণ হৈছে নেকি, যাক আৰবীভাষী ব্যক্তিয়ে আনিছে? হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়কঃ এইখন কোৰআনে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা ব্যক্তিসকলক তথা তেওঁৰ ৰাছুলসকলক বিশ্বাস কৰা লোকসকলক মুক্তিৰ পথ দেখুৱায়, লগতে অন্তৰসমূহক অজ্ঞানতা আৰু ইয়াৰ ফলত জন্ম হোৱা ব্যাধিসমূহৰ পৰা আৰোগ্য প্ৰদান কৰে। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতৰ কাণত আছে বধিৰতা। লগতে সিহঁত অন্ধ হৈ পৰিছে, ফলত একোৱেই বুজি নাপায়। এনেকুৱা লোকসকলক যদি দূৰৱৰ্তী কোনো ঠাইৰ পৰা আহ্বান কৰা হয়, তেন্তে কেনেকৈ সিহঁতে আহ্বানকাৰীৰ আহ্বান শুনা পাব?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক