ছূৰা 41 · জুজ 24
Fussilat · 41:43
مَا يُقَالُ لَكَ إِلَّا مَا قَدْ قِيلَ لِلرُّسُلِ مِنْ قَبْلِكَ ۚ إِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ وَذُو عِقَابٍ أَلِيمٍ
তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ ৰব একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।
তাফছীৰ
হে ৰাছুল! আপোনাৰ বিষয়েও সেই একেই অস্বীকাৰ কৰাৰ কথা কোৱা হৈছে, যিদৰে আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক কোৱা হৈছিল। গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কিয়নো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আনহাতে তাওবা নকৰা ব্যক্তিসকলক অৰ্থাৎ গুনাহৰ ওপৰত অটল থকা লোকসকলক তেওঁ কষ্টদায়ক শাস্তি প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক