ছূৰা 41 · জুজ 24

Fussilat · 41:38

فَإِنِ اسْتَكْبَرُوا فَالَّذِينَ عِنْدَ رَبِّكَ يُسَبِّحُونَ لَهُ بِاللَّيْلِ وَالنَّهَارِ وَهُمْ لَا يَسْأَمُونَ ۩

তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তি বোধো নকৰে।

তাফছীৰ

তথাপিও যদি সিহঁতে অহংকাৰ কৰে আৰু বিমুখ হয়, তথা একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁলোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক