ছূৰা 41 · জুজ 24

Fussilat · 41:37

وَمِنْ آيَاتِهِ اللَّيْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ۚ لَا تَسْجُدُوا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوا لِلَّهِ الَّذِي خَلَقَهُنَّ إِنْ كُنْتُمْ إِيَّاهُ تَعْبُدُونَ

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

তাফছীৰ

আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰকো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁৰ ইবাদত কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক