ছূৰা 41 · জুজ 24

Fussilat · 41:36

وَإِمَّا يَنْزَغَنَّكَ مِنَ الشَّيْطَانِ نَزْغٌ فَاسْتَعِذْ بِاللَّهِ ۖ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ

আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

তাফছীৰ

যদি কোনো সময়ত চয়তানে আপোনাক কুমন্ত্ৰণা দিয়াৰ চেষ্টা কৰে তেন্তে তেতিয়া আপুনি আল্লাহক মজবুতভাৱে ধাৰণ কৰক আৰু তেওঁৰ শৰণাপন্ন হওক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু তেওঁ আপোনাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক