ছূৰা 41 · জুজ 24
Fussilat · 41:35
وَمَا يُلَقَّاهَا إِلَّا الَّذِينَ صَبَرُوا وَمَا يُلَقَّاهَا إِلَّا ذُو حَظٍّ عَظِيمٍ
আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল। ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হ’ব যিসকল মহাভাগ্যবান।
তাফছীৰ
এনেকুৱা উৎকৃষ্ট ব্যৱহাৰ কেৱল সেইসকল লোকেই লাভ কৰে, যিসকলে অন্যায়-অত্যাচাৰ আৰু মানুহৰ বেয়া ব্যৱহাৰত ধৈৰ্য্য ধাৰণ কৰে। এনেকুৱা বৈশিষ্ট্য কেৱল সৌভাগ্যশালী ব্যক্তিসকলেই লাভ কৰে। কিয়নো ইয়াৰ মাজত অগণন কল্যাণ তথা অসীম উপকাৰ নিহিত হৈ আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক