ছূৰা 41 · জুজ 24
Fussilat · 41:34
وَلَا تَسْتَوِي الْحَسَنَةُ وَلَا السَّيِّئَةُ ۚ ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ فَإِذَا الَّذِي بَيْنَكَ وَبَيْنَهُ عَدَاوَةٌ كَأَنَّهُ وَلِيٌّ حَمِيمٌ
ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।
তাফছীৰ
আল্লাহে সন্তুষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তুষ্ট হোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্তৰঙ্গ বন্ধু হৈ পৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক